
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছুপাৰ চিএম আখ্যা মন্ত্ৰী টেমজেন ইমনা আলঙৰ
যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ গাতে লাগি থকা নাগালেণ্ডৰ মোককচাং জিলাৰ আলংটাকি সমষ্টিৰ আওনুক’ফু গাওঁত প্ৰথমবাৰৰ বাবে দিবা নৈশ ফুটবল প্ৰতিযোগিতা অনুস্থিত হয়।
ফুটবল খেলখনৰ উদ্বোধনী অনুস্থানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক ৰুপজ্যোতি কুৰ্মী। মৰিয়নি সমষ্টিৰ কাষতে থকা আলংটাকি সমষ্টিৰ বিধায়ক তথা নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু জনজাতী উন্নয়ন মন্ত্ৰী টেমজেন ইমনা আলংৰ আমন্ত্ৰনত নাগালেণ্ডত উপস্থিত হোৱা বিধায়ক ৰুপজ্যোতি কুৰ্মীক বিপুল আদৰণি জনোৱা হয়।
প্ৰতিযোগিতাখন মুকলি কৰি মন্ত্ৰী টেমজেন ইমনা আলঙে কয় অসম নাগালেণ্ডৰ জেষ্ঠ ভাতৃ সেয়ে জেষ্ঠ ভাতৃৰ লগত সংঘাত নহয় সৌহাৰ্য্যপূৰ্ণ সমন্ধ হলেহে সমস্যা সমাধান হ’ব।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছুপাৰ চিএম আখ্যা দি মন্ত্ৰী গৰাকিয়ে কয় দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে বলিষ্ঠ পদক্ষেপ লৈছে।
আৰু শীঘ্ৰেই ইয়াৰ স্থায়ী সমাধান হ’ব বুলিও আশা প্ৰকাশ কৰিছে। উল্লেখ যে উক্ত অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মন্ত্ৰী টেমজেন ইমনা আলঙেক বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধন্যবদ দিয়াৰ লগতে কয় যে এনে ধৰনৰ আদান প্ৰদানে অসম নগালেণ্ডৰ সীমা সমস্যা সমাধানত সহায় কৰাৰ লগতে সীমান্তত শান্তি শৃংখলা বজায় ৰখাত সহায় কৰিব।
Input-Juntu Tanti