28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কংগ্ৰেছৰ অসম বচাও অভিযানক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ, ক’লে- ‘এয়া কংগ্ৰেছ বচাও অভিযান হে’

    অসম বিধানসভা নিৰ্বাচনৰ দি চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ শাসকীয় পক্ষৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ।

    ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পিছত এইবাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছৰ অসম বচাও অভিযানক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

    ‘কাজিৰঙাৰ গঁড় হত্যা কৰি নিঃশেষ কৰিবলৈ লোৱা কংগ্ৰেছে আৰম্ভ কৰিছে অসম বচাও অভিযান। এয়া কংগ্ৰেছৰ অসম বচাও অভিযান নহয় কংগ্ৰেছ বচাও অভিযান হে। কিয়নো কংগ্ৰেছৰ ভেটি বৰ্তমান থৰক বৰক’, এই মন্তব্য হাজৰিকাৰ।

    শুকুৰবাৰে বিলাসীপাৰা চহৰত নিৰ্মাণ কৰি উলিওৱা আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰি এইদৰে কয় মন্ত্ৰী গৰাকীয়ে।

    ৬.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে আৰু কয় যে স্বাস্থ্য হৈছে আমাৰ পৰম সম্পদ। স্বাস্থ্য ভালে ৰাখিবলৈ চিকিৎসক আৰু চিকিৎসালয়ৰ অতীব প্ৰয়োজন আছে।

    তেওঁ লগতে কয় যে আগন্তুক দিনত অসমৰ গাঁৱে-ভূঞে থকা প্ৰতিখন চিকিৎসালয়ত চিকিৎসক নিয়োগ কৰা হ’ব।

    উদ্বোধনী অনুষ্ঠানত পূব-বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংঘী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

    আৰু পঢ়ক : গোসাইগাঁও বিধান সভা সমষ্টি পুনৰ উদ্ধাৰ কৰাৰ বাবে কংগ্ৰেছৰ বুথ সংকল্প শিবিৰৰ সভা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published