অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ক্ষেত্ৰত উচ্চস্তৰীয় কমিটীয়ে দিয়া পৰামৰ্শসমূহ আইনী বাস্তৱতাৰ পৰা দূৰৈতঃ হিমন্ত বিশ্ব শৰ্মা

0
135
পৰম্পৰা, আধ্যাত্মিকতা তথা ৰীতি-নীতিৰে পালন কৰক দীপাৱলী : মুখ্যমন্ত্ৰী হিমন্ত
ফাইল ফটো

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিব পৰা নাযাব। কিয়নো উচ্চস্তৰীয় কমিটীয়ে দিয়া পৰামৰ্শসমূহ আইনী বাস্তৱতাৰ পৰা দূৰৈত। এই কথা সদৰি কৰিছে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কেন্দ্ৰীয় চৰকাৰে সংসদত এতিয়াও উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদনখন পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে বুলি কোৱাৰ সময়তে মন্ত্ৰী শৰ্মাৰ এই ঘোষণাই বিশেষ গুৰুত্ব বহন কৰিছে। উল্লেখ্য যে, উচ্চস্তৰীয় কমিটীয়ে অসম চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল ২০২০ চনৰ ফেব্ৰুৱাৰীত। এই দিশৰ পৰা প্ৰতিবেদন দাখিল কৰাৰ সময়ে ইতিমধ্যে প্ৰায় এবছৰ অতিক্ৰম কৰিলে। কিন্তু এতিয়াও কেন্দ্ৰৰ হাতত পৰাগৈ নাই সেই প্ৰতিবেদন।

”উচ্চস্তৰীয় কমিটীয়ে দিয়া কিছু পৰামৰ্শৰ দেশৰ আইনী ব্যৱস্থাত ”বাস্তৱ ভিত্তি” নাই। উদাহৰণস্বৰূপে তেওঁলোকে খিলঞ্জীয়া লোকৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ কথা কৈছে। য’ত উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নীতি নিৰ্ধাৰণ কৰিছে যে, সংৰক্ষণ ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব।”, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰিছে।

আনহাতে সংবিধান আৰু উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা মানি চলিয়েই মন্ত্ৰী শৰ্মাই অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিব বুলি সদৰি কৰিছে। উল্লেখ্য যে, প্ৰথমাৱস্থাত ৬নম্বৰ দফাৰ ক্ষেত্ৰত উচ্চস্তৰীয় কমিটীয়ে দাখিল কৰা প্ৰতিবেদনত কি কি বিষয় সন্নিৱিষ্ট কৰা আছে সেই কথা পোহৰলৈ অহা নাছিল যদিও অসমৰ ৰাইজে জানিব বিচাৰে বুলি উল্লেখ কৰি প্ৰতিবেদনখন সংবাদমেলযোগে জনসাধাৰণক সদৰি কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই।