26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কভিডৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু : ৰঙিয়াত ক’লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

    কভিডৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু : ৰঙিয়াত ক’লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে কভিড পৰিস্থিতি সন্দৰ্ভত বুজ ল’বলৈ আজি ৰঙিয়াত উপস্থিত হয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

    ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা সভাত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা আৰু কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়সহ বহু কেইটা বিভাগৰ মুৰব্বী উপস্থিত থাকে।

    সভাত স্বাস্থ্য বিভাগৰ ফালৰ পৰা লোৱা বিভিন্ন ধৰণৰ ব্যৱস্থা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়।

    কামৰূপৰ কমলপুৰত ৭০ খন আই চি ইউ বিছনাযুক্ত কভিড চেন্টাৰ বনাই আছে, আৰু কভিডৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু বুলি কয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

    ইনপুট : তৃষ্ণা দাস

    আৰু পঢ়ক : আৰু কেতিয়াও খেলিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট, উভতি অহাৰ সকলো পথ বন্ধ ভিলিয়াৰ্ছৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং