24 C
Guwahati
Wednesday, March 3, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আঞ্চলিক দল হিচাপে অসম গণ পৰিষদৰহে স্থিতি আছে : চন্দ্ৰমোহন পাটোৱাৰী

    আঞ্চলিক দল হিচাপে অসম গণ পৰিষদৰহে স্থিতি আছে : চন্দ্ৰমোহন পাটোৱাৰী : আজি বৰপেটাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম ৰাজ্যিক জীবিকা অভিযানৰ উদ্যোগত অনু্ষ্ঠিত মহিলা সমাৰোহত উপস্থিত থাকি জীবিকা সখীক স্কুটী বিতৰণ কৰে।

    বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত সমাৰোহৰ অন্তত সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত কংগ্ৰেছৰ অসম বচাও আহক কাৰ্যসূচীক কঠোৰ ভাষাৰে সমালোচনা কৰে।

    মন্ত্ৰীয়ে কয়, ‘নিৰ্বাচন সমাগত হৈছে সেয়ে কংগ্ৰেছে সাৰ পাইছে। পোন্ধৰ বছৰে অসম বচাব নোৱাৰিলে। পোন্ধৰ বছৰ কংগ্ৰেছ শুই থাকিল, অসমৰ কোনো উন্নতি নকৰিলে৷ এতিয়া তেওলোকে অসম বচাও শ্লোগান দিছে৷ কিন্ত ৰাইজে বুজি পাইছে’৷

    তেওঁ লগতে কয়, ‘যোৱাবাৰতকৈ অধিক আসন আমি লাভ কৰিম৷ ৰাইজ বিজেপি আৰু মিত্ৰজোঁটৰ পক্ষত আছে ৷ আমাৰ ১০০ প্লাচ মিছন অব্যাহত আছে’৷

    মহিলা সবলীকৰণৰ বাবে কংগ্ৰেছে নকৰা কাম বিজেপি চৰকাৰে কৰিছে বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ কাম নাই বুলিও মন্তব্য কৰে পাটোৱাৰীয়ে৷

    তেওঁ কয়, ‘অসমৰ ৰাইজে এতিয়াও অসম গণ পৰিষদকে আঞ্চলিক দল হিচাপে প্ৰাধান্য দিয়ে। অসম গণ পৰিষদৰহে স্থিতি আছে। অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ কোনো প্ৰাসংগিকতা নাই। সেই দলবোৰৰ পৰা আমাৰ কোনো ক্ষতি নহয়’।

    আৰু পঢ়ক :  ৰাজ্যত কৰ’ণাৰ উজানঃ ৰাজ্যবাসীক আতংকিত নহৈ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জিলা উপাযুক্তৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং