আজিৰ পৰা বন্ধৰ নিৰ্দেশ বিছলেৰী ৱ্ৰেণ্ডৰ পানী

মানুহৰ শৰীৰৰ বাবে যথেষ্ট অনুপযোগী ফ্লৰাইড পোৱা গৈছে এইবিধ ৱ্ৰেণ্ডৰ পানীত

0
17891

আজিৰ পৰা বন্ধৰ নিৰ্দেশ বিছলেৰী ৱ্ৰেণ্ডৰ পানী। এই নিৰ্দেশনা জাৰি কৰিছে খাদ্য সুৰক্ষা বিভাগে। ৬ এপ্ৰিলত বিছলেৰী পানীৰ নমুনা সংগ্ৰহ কৰিছিল বিভাগটোৱে। সংগ্ৰহিত নমুনাত পোৱা গৈছিল যথেষ্ট পৰিমানৰ অনুপযোগী ফ্লৰাইড। কমলপুৰত অৱস্থিত ইয়াৰ কোম্পানীটো। সমগ্ৰ অসমতে বন্ধ হৈ পৰিব এই ৱ্ৰেণ্ডৰ পানী।

‘৩০ দিনৰ সময়সীমা দিছো পানী উন্নত পৰিমানৰ কৰিবলৈ।’- খাদ্য সুৰক্ষা বিভাগৰ বিষয়াই এই কথা জনালে সংবাদমাধ্যমক। এক লিটাৰত ১ মিলিগ্ৰাম ফ্লৰাইড থাকিলেহে পানী খোৱাৰ বাবে উপযোগী হয়। কিন্তু এওঁলোকৰ পানীত প্ৰায় ৫ মিলিগ্ৰামতকৈ অধিক পৰিমানৰ ফ্লৰাইড পোৱা গৈছে।- এই কথা জনালে খাদ্য সুৰক্ষা বিভাগে।