গ্ৰাহকৰ একাউণ্টত সোমাইছে লাখে লাখে টকা! টকা উলিয়াবলৈ বেংকত গ্ৰাহকৰ ভিৰ, পিছে আহিছে ক’ৰ পৰা এই ধন?

0
25255

গ্ৰাহকৰ একাউণ্টত সোমাইছে লাখে লাখে ধন! টকা উলিয়াবলৈ বেংকত গ্ৰাহকৰ ভিৰ, পিছে আহিছে ক’ৰ পৰা এই ধন?


এইবাৰ আকৌ লখিমপুৰত উঠিছে টকাৰ উজান। কাৰোবাৰ বেংকৰ একাউণ্টত যদি সোমাইছে ৫০ হাজাৰ, কাৰোবাৰ আকৌ সোমাইছে ৫ হাজাৰ আন কাৰোবাৰ আকৌ সোমাইছে ৯০ হাজাৰ টকা।

টকাৰ উজানৰ এই ঘটনা স্থান হৈছে লখিমপুৰৰ বগীনদী। সেই লক্ষ্যৰে এতিয়া একাউণ্ট চেক কৰিবলৈ গ্ৰাহকৰ ভিৰ লাগিছে বেংক আৰু ATMত।
নিজৰ নিজৰ একাউণ্টত কিমান টকা সোমাইছে তাক পৰীক্ষা কৰিবলৈ হেতা–ওপৰা লগাইছে স্থানিয় ৰাইজৰ।

একাউণ্টত সোমোৱা এই ধন প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বুলি জানিব পৰা গৈছে। ফচল বীমা আৰু কৃষক সন্মান নিধিৰ ধন বেংক একাউণ্টত সোমোৱা বুলি বিয়পি পৰাত বেংকত ৰাইজৰ মাজত লাগিছে ভিৰ। উল্লেখযোগ্য যে, জিলাখনৰ অন্যান্য প্ৰান্ততো বহু ৰাইজৰ বেংক একাউণ্টত সোমাইছে এই ধন।