১ মাৰ্চৰ পৰা গাখীৰৰ মূল্য প্ৰতি লিটাৰত ১২ টকাকৈ বৃদ্ধি!
দেশত বৰ্তমান বিভিন্ন সামগ্ৰীৰ মূল্য অধিক হাৰত বৃদ্ধি পাইছে।যাৰ ফলত সাধাৰণ লোকৰ জীৱন নিৰ্বাহত যথেষ্ঠ অসুবিধা হৈছে।
কিন্তু ইয়াৰ মাজতে আন এক খবৰ পোহৰলৈ আহিছে। বৃদ্ধি হ’ব পাৰে গাখীৰৰ মূল্য। দুগ্ধ উৎপাদক সংঘৰ এক বৈঠক অনুষ্ঠিত হয়। যাৰ বাবে গাখীৰৰ মূল্য বৃদ্ধি হ’ব পাৰে বুলি ক’ব পাৰি।
উল্লেখ্য যে, গাখীৰৰ দাম প্ৰতি লিটাৰত ১২ টকাকৈ বৃদ্ধি হ’ব পাৰে।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ১ মাৰ্চৰ পৰা গাখীৰৰ দাম প্ৰতি লিটাৰত ১২ টকাকৈ বৃদ্ধি হ’ব পাৰে।
প্ৰকাশিত খবৰ অনুসৰি মধ্যপ্ৰদেশৰ ২৫ খন গাঁৱৰ দুগ্ধ উৎপাদক সকলে মঙলবাৰে এক বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত গাখীৰৰমূল্য প্ৰতি লিটাৰত ৫৫ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। যদি এই সিদ্ধান্তই চহৰৰ বিক্ৰেতাৰ পৰা মঞ্জুৰী লাভ কৰে তেন্তে ১ মাৰ্চৰ পৰা গাখীৰৰ দাম ১২ টকাকৈ বৃদ্ধি হ’ব ।
উল্লেখ্য যে, পেট্ৰল ডিজেলৰ মূল্য যথেষ্ট হাৰত বৃদ্ধি হৈছে। যাৰ ফলত গাখীৰৰ আমদানী ৰপ্তানীৰ খৰছত প্ৰভাৱ পৰিছে । ইয়াৰ বাবেই গাখীৰৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।