নিয়ন্ত্ৰণহীন হৈ সাগৰত পৰিল ভাৰতীয় যুঁজাৰু বিমান, সন্ধানহীন পায়লট

0
2179

ভাৰতীয় নৌ সেনাৰ প্ৰশিক্ষণৰবাবে ব্যৱহাৰ কৰা বিমান  MIG29( MIG-29k trainer aircraft )  বৃহস্পতিবাৰে সন্ধিয়া সাগৰত এক দুৰ্ঘটনাত পতিত হয় ।

ভাৰতীয় নৌ সেনা ( Indian Navy) ৰ মতে আৰৱ সাগৰৰ ওপৰত থকাৰ সময়তে এই বিমান দুৰ্ঘটনা সংঘটিত হয় ।এই খবৰ লাভ কৰাৰ পিছতেই অভিযান আৰম্ভ কৰা হয়।

বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি ৰেস্ক্যু টীমে এজন পায়লটক জীৱন্তে উদ্ধাৰ কৰিছে । দ্বিতীয়জন পায়লটৰ সন্ধান এতিয়াও অব্যাহত আছে । ভাৰতীয় নৌ সেনাই ইতিমধ্যে এই ঘটনা তদন্তৰ আদেশো জাৰি কৰিছে ।

MIG29 বিমান ৰাচিয়াত নিৰ্মিত যুঁজাৰু বিমান । এই বিমানৰ দৈৰ্ঘত ১৭.৩২ মিটাৰ।