পট পৰিৱৰ্তন, গোৱাৰ আটাইতকৈ ধনাঢ্য বিধায়কৰ বিজেপি ত্যাগ
পাঁচখন ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সঘনাই ৰাজনৈতিক পট পৰিৱৰ্তন হ’ব ধৰিছে ৰাজ্য কেইখনত।
উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডৰ পিছত এইবাৰ নিৰ্বাচনমুখী গোৱাৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰাজ্যখনৰ আটাইতকৈ ধনী বিধায়ক মাইকেল ভিনচেণ্ট লবোৱে বিজেপি ত্যাগ কৰিছে।
বিজেপি ত্যাগ কৰি মাইকেল ভিনচেণ্টে কংগ্ৰেছ দলত যোগদান কৰে।
তেওঁ ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত কালাংগুট আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ১১,১৩৬ টা ভোট লাভ কৰি জয়ী হৈছিল।
মাইকেলে ২০১৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ জোচেফ ৰবাৰ্ট চিকেৰাক ৩,৮২৫ টা ভোটত পৰাজিত কৰিছিল।
২০১৭ চনত মাইকেল ভিনচেণ্ট লবোৰ দ্বাৰা দাখিল কৰা শপতনামা অনুসৰি, তেওঁ গোৱাৰ বৰ্তমানৰ আটাইতকৈ ধনী বিধায়ক। শপতনামাত তেওঁ কয় যে তেওঁৰ ওচৰত প্ৰায় ৫৪ কোটি টকাৰ সম্পত্তি আছে।
উল্লেখ্য যে দ্বাদশ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰা লবোৰ বিৰুদ্ধে দুটা অপৰাধমূলক গোচৰো পঞ্জীয়ন হৈ আছে।
আৰু পঢ়ক : ১০০ৰো অধিক সাপৰ মাজত আৱদ্ধ হৈ আছিল এজন, কেইবাদিনো পাছতহে উদ্ধাৰ, তাকো……