কেইবাবাৰো কেৰাচিন ঢালি জ্বলোৱাৰ চেষ্টাৰ লগতে অসাধু লোকক বিক্ৰী কৰাৰ পৰিকল্পনাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

0
719

কেইবাবাৰো কেৰাচিন ঢালি জ্বলোৱাৰ চেষ্টাৰ লগতে অসাধু লোকক বিক্ৰী কৰাৰ পৰিকল্পনাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে। এই ঘটনা শিৱসাগৰ জিলাৰ।

শিৱসাগৰ নগৰত আজি মাতৃৰ সৈতে উপস্থিত হয়হি এগৰাকী মহিলা। স্বামী আৰু শহুৰ শাহুৰ অকথ্য গালি গালাজ তথা শাৰীৰিক মানসিক অত্যাচাৰৰ বলি হোৱা হোৱা বোৱাৰীয়েকে উত্থাপন কৰিছে এই ভয়ংকৰ অভিযোগ।

শিৱসাগৰৰ বাঢ়ৈটিঙৰ চাপৰি গাঁৱৰ নিৱাসী তথা অসম শক্তি বিতৰণ বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী গিৰীশ চেতিয়া আৰু তেওঁৰ শিক্ষিয়ত্ৰী পত্নী আৰতি চেতিয়াৰ মাজু পুত্ৰ বিমান চেতিয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে গোচৰ।

দাখিল কৰা অভিযোগ অনুসৰি, বিমান চেতিয়াই পত্নীক কেইবা বাৰো শৰীৰত কেৰাচিন ঢালি হত্যাৰ অপচেষ্টা কৰাৰ লগতে ছিলিগুৰিত অসাধু ব্যৱসায়ৰ হাতত বিক্ৰী কৰি দিয়াৰ যো যা কৰাৰ অভিসন্ধি ৰচাৰ লগতে মুখ খুলিলে প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপিত হৈছে।

ডেৰ বছৰৰ পূৰ্ৱে বিবাহ পাশত আৱদ্ধ হোৱা বিমান চেতিয়াই বিবাহৰ পাছৰ পৰাই পিতৃ মাতৃৰ সৈতে লগ হৈ পত্নীক শাৰীৰিক মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ।

পৰিয়ালৰ বৰ পুত্ৰৰ বোৱাৰীকো নিৰ্যাতন চলোৱাৰ কথাও উল্লেখ কৰিছে নিৰ্যাতিতাই।

দৰিদ্ৰ পৰিয়ালৰ ছোৱালী বোৱাৰী কৰি নি যৌতুকৰ নামত অত্যাচাৰ কৰি বিক্ৰী কৰি দিয়াৰ এক ব্যৱসায়ৰ লগত জড়িত বুলি অভিযোগ উৎথাপন চেতিয়া পৰিয়ালৰ বিষয়ে।

এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে সদৰ থানাত ভুক্তভোগী গায়ত্ৰী চেতিয়াই। আৰক্ষীৰ তদন্তৰ পাছত হে জানিব পৰা যাব প্ৰকৃত ৰসহ্য ।

Input and Photo- Sanjay Pareek