শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাক কাৰাগাৰলৈ নি থকাৰ সময়তে তৰোৱালে আক্ৰমণ

0
1145

শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাক কাৰাগাৰলৈ নি থকাৰ সময়তে তৰোৱালে আক্ৰমণ

শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাক লৈ যোৱা এখন আৰক্ষী ভানক আক্ৰমণ কৰা হৈছে। আক্ৰমণটো ৰোহিণীৰ এফএছএলৰ বাহিৰত সংঘটিত হৈছিল। কোৱা হয় যে আক্ৰমণকাৰীসকলে তৰোৱালেৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে।

সোমবাৰে সন্ধিয়া দিল্লীৰ এফএছএল কাৰ্যালয়ৰ বাহিৰত কেইজনমান ব্যক্তিয়ে হাতত তৰোৱাল লৈ অভিযুক্ত আফতাব থকা আৰক্ষীৰ বাহন খনত আক্ৰমণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে আক্ৰমণটোত অভিযুক্ত আফতাব সুৰক্ষিত হৈ আছে।

আৰক্ষীয়ে আফতাব থকা ভানখনত আক্ৰমণ কৰা লোকসকলক আটক কৰিছে। আক্ৰমণকাৰী সকলে দাবী কৰিছে যে তেওঁলোক হিন্দু সেনাৰ সদস্য। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি পুলিচ ভানখনে পলিগ্ৰাফ পৰীক্ষাৰ পিছত পশ্চিম দিল্লীৰ ৰোহিণীৰ ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ পৰা পুনাৱালাক পুনৰ কাৰাগাৰলৈ লৈ গৈ আছিল।

সেই সময়তে এই আক্ৰমণটো সংঘটিত হৈছিল। অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল ।