১৪ বছৰৰ ওপৰৰ কিশোৰীক বিয়া কৰাই গ্ৰেপ্তাৰ হোৱা স্বামীয়ে লাভ কৰিব জামিন

0
108

বাল্য বিবাহক লৈ ৰাজ্যজুৰি চলি থকা তীব্ৰ অভিযানৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰি কয় যে ১৪ বছৰৰ ওপৰৰ ছোৱালীক বিয়া কৰাই গ্ৰেপ্তাৰ হোৱা সকলো পুৰুষকে জামিন প্ৰদান কৰা হ’ব।

আনহাতে, ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱাৰ সৈতে জড়িত সকলো গোচৰসমূহ জামিবিহীন হ’ব।

উল্লেখ্য যে, মাজুলীত গ্ৰেপ্তাৰ হোৱা ২৪ জন ব্যক্তিয়ে গ্ৰেপ্তাৰৰ ২৪ ঘণ্টাৰ ভিতৰতে জামিন লাভ কৰে। আনহাতে শদিয়াৰ পৰাও ৫১ জন ব্যক্তিক গ্ৰেপ্তাৰ হোৱাৰ দিনাই জামিন লাভ কৰিছে।

জামিন হোৱা ঘটনাক কেন্দ্ৰ কৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ বাবেই মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰা বুলি বহুতেই অভিহিত কৰিছে।

উল্লেখ্য যে আজি অসম আৰক্ষীৰ মুখপাত্ৰ প্ৰশান্ত কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয়, ‘বাল্য বিবাহ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পাই আছে। আজি ৰাতিপুৱালৈকে আৰক্ষীয়ে ২১৭০ গৰাকী গ্ৰেপ্তাৰ কৰিছে’।  

ইফালে বাল্য বিবাহৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান বুলি অভিহিত কৰাৰ বিপৰীতে এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে আৰক্ষীৰ এই সমগ্ৰ কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰি ইয়াক মুছলমান বিৰোধী বুলি অভিহিত কৰে।