মেঘালয় যোৱাৰ পৰিকল্পনা ! সাৱধান, পূৰ্বে জানি লওক নতুন নিয়ম, লগাইছে সান্ধ্য আইন, বাহনৰ ক্ষেত্ৰতো…..

0
155
মেঘালয় যোৱাৰ পৰিকল্পনা ! সাৱধান, পূৰ্বে জানি লওক নতুন নিয়ম, লগাইছে

মেঘালয় যোৱাৰ পৰিকল্পনা ! সাৱধান, পূৰ্বে জানি লওক নতুন নিয়ম, লগাইছে সান্ধ্য আইন, বাহনৰ ক্ষেত্ৰতো…..

নতুন বছৰ বুলি ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি আৰু ঠাই হিচাপে মেঘালয় নিৰ্বাচন কৰিছে তেন্তে এবাৰ ভালদৰে চাই লওক কিছু নিয়ম। মেঘালয়ত জাৰি কৰিছে কৰণাৰ বাবে নতুন নিৰ্দেশনা।

এতিয়াৰ পৰা মেঘালয়ত যোৱাৰ বাবে মানিব লাগিব কিছু নিয়ন। বাহনৰ ক্ষেত্ৰতো আছে কিছু নিয়ম। প্ৰকাশিত নতুন নিৰ্দেশনা অনুসৰি জাৰি কৰিছে সান্ধ্য় আইন। নিশা ১০ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ সান্ধ্য আইন জাৰি অসমৰ চুবুৰীয়া ৰাজ্য খনত।

৫ জানুৱাৰীৰপৰা কাৰ্যকৰী হব নতুন নিৰ্দেশনা৷ লগতে বাহন নিয়াৰ পূৰ্বেও চাই লওক এবাৰ বাহনৰ নম্বৰ। কিয়নো ব্যক্তিগত বাহন কেৱল যুগ্ম-অযুগ্ম নীতিৰেহে চলাব পাৰিব ৰাজ্যখনত । সংবাদমেল যোগে এই বিষয়ে জানিবলৈ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

ৰাজহুৱা সমাৱেশৰ ওপৰত নিষেধাজ্ঞাসহ কেইবাটাও ব্যৱস্থা গ্ৰহণ।

আৰু পঢ়ক : ৪০০০ টকা উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ অসম সচিৱালয়ৰ কৰ্মচাৰী সীমা দেৱী