26 C
Guwahati
Thursday, September 16, 2021
More

    ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ স্বীকৃতি প্ৰাপ্ত সৰ্বশ্ৰেষ্ঠ গাঁৱৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ এখন গাঁও, আছে বিশেষত্ব

    ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ সৰ্বশ্ৰেষ্ঠ গাঁওৰ তালিকাত আছে ভাৰতৰ তিনিখন সৰ্বশ্ৰেষ্ঠ গাঁও। এই ৩ খন গাঁওৰ ভিতৰত অন্তৰ্ভুক্ত আছে উত্তৰ-পূৰ্বাঞ্চলৰ এখন গাঁও।

    ভাৰতৰ তিনিখন গাঁৱক ভ্ৰমণৰ বাবে সৰ্বশ্ৰেষ্ঠ স্থানৰ স্বীকৃতি প্ৰদান কৰিছে ৰাষ্ট্ৰসংঘই। মেঘালয়ৰ কংথং গাঁও,মধ্য প্ৰদেশৰ লাধপুৰ খাছ আৰু তেলেংগানাৰ পোচাম্পল্লী গাঁৱকো ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

    উল্লেখ্যে যে,এই গাঁওকেইখন পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। মেঘালয়ৰ কংথং গাঁৱক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই মনোনীত কৰা বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই আনন্দ প্ৰকাশ কৰিছে।

    কংথং গাঁও ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অনন্য সংস্কৃতিৰ বাবে জনাজাত। শ্বিলঙৰ পৰা ৬০ কিলোমিটাৰ দূৰত অৱস্থিত এই গাওঁখনক হুইচেলিং ভিলেজ বুলিও জনা যায়।

    গাওঁখনৰ আছে এক সুকীয়া বিশেষত্ব। এইখন গাঁও ১২ খন গাঁৱৰ ভিতৰত আছে য’ত এটা শিশু বিশেষ ধৰণৰ শব্দৰ সৈতে জন্ম হয়। এই শব্দটো শিশুটোৰ সৈতে গোটেই জীৱন ৰখা হয়।

    আৰু পঢ়ক : নিজেই অধিনায়কৰ দায়িত্ব এৰিব কোহলীয়ে!, কোন হ’ব ভাৰতীয় দলৰ নতুন অধিনায়ক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং