জয়ন্ত চৌধুৰী জিন্দাবাদ ধ্বনি দি নিলম্বিত হ’ল দুগৰাকী আৰক্ষী জোৱান
উত্তৰ প্ৰদেশৰ মিৰাটত বৰ্তমান আৰক্ষীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত আৰক্ষী কনিষ্টবল কেইজনে ৰাজপথত দেশপ্ৰেমমূলক গানত নৃত্য কৰা দেখা গৈছে।
নৃত্যৰ পিছত, জোৱান কেইজনে বন্দে মাতৰম আৰু জয় হিন্দৰ শ্ল’গান দিয়ে।
কিন্তু ইয়াৰ পিছতেই এজন জোৱানে জয়ন্ত চৌধুৰী জিন্দাবাদৰ শ্ল’গান দিয়ে, যিটোত বাকী কেউজনেও সহযোগিতা কৰে।
ভিডিঅ’টোত স্পষ্টভাৱে এই কথা দেখা যায়।
উল্লেখ্য যে ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে মীৰাটৰ এছ এছ পি প্ৰভাকৰ চৌধুৰীয়ে তদন্ত চলাই দুজন কনিষ্টবলক নিলম্বন কৰে।
স্মৰ্তব্য যে অহা মাহৰ পৰা উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। উত্তৰ প্ৰদেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।
এনে পৰিস্থিতিত, ৰাষ্ট্ৰীয় লোক দল আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰতাই এতিয়া যথেষ্ট শিৰোনাম দখল কৰি আছে। বিভিন্ন দলৰ শীৰ্ষ নেতাৰ লগতে ৰাষ্ট্ৰীয় লোক দলৰ মুৰব্বী জয়ন্ত চৌধুৰীও নিৰ্বাচনৰ বাবে সাজু হৈছে।
আৰু পঢ়ক : বিশ্বৰ কম বয়সীয়া কোটিপতি; থাকে ৰাজপ্ৰাসাদত, ঘূৰে ব্যক্তিগত জেটত