সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা ! ৩ দিনৰ বাবে ড্ৰাই ডে’ৰ ঘোষণা

0
97

সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা ! ৩ দিনৰ বাবে ড্ৰাই ডে’ৰ ঘোষণা

শুকুৰবাৰৰ পৰা দেওবাৰলৈকে ৩ দিনৰ বাবে ড্ৰাই ডে’ৰ ঘোষণা কৰিছে চৰকাৰে। অৰ্থাৎ তিনি দিনৰ বাবে বন্ধ থাকিব সকলো সুৰাৰ বিপনী। অৱশ্যে এই নিৰ্দেশ দিল্লী মহানগৰীৰ বাবে। দৰাচলতে দিল্লীপৌৰ নিগমৰ ২৫০ টা ৱাৰ্ডৰ বাবে ভোটদান ৪ ডিচেম্বৰ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’ব।

আৰু ৭ ডিচেম্বৰত ভোটগণনা কৰা হ’ব। এনে পৰিস্থিতিত ৭ ডিচেম্বৰত চহৰ খনত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।দিল্লীৰ আবকাৰী আয়ুক্ত কৃষ্ণ মোহন উপপুৱে বুধবাৰে কৈছিল যে ৪ ৰ পৰা ৭ ডিচেম্বৰ লৈকে দিল্লীত ড্ৰাই ডে’ থাকিব।

জাননী অনুসৰি, শুক্ৰবাৰে,২ ডিচেম্বৰৰ সন্ধিয়া ৫.৩০ বজাৰ পৰা ৪ ডিচেম্বৰৰ সন্ধিয়া ৫.৩০ বজালৈ দিল্লীত ড্ৰাই ডে’ থাকিব। কেৱল এয়াই নহয়, ডিচেম্বৰৰ ৭ তাৰিখে, ফলাফলৰ গোটেই দিনটোৰ বাবেও ড্ৰাই ডে’হ’ব। অৰ্থাৎ, সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা থাকিব।