থু লগোৱা, ষ্ট্ৰাইক সলোৱালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেইবাটাও নিয়মৰ সলনি; নতুন তালিকা প্ৰকাশ

0
8179
যোৰহাটত ক্ৰিকেট খেলি থাকোতেই মৃত্যু গুৱাহাটীৰ কৃষ্ণৰ
প্ৰতিনিধিত্বমূলক চিত্ৰ

থু লগোৱা, ষ্ট্ৰাইক সলোৱালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেইবাটাও নিয়মৰ সলনি; নতুন তালিকা প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে নিয়ম প্ৰস্তুত কৰাৰ কাম হৈছে মেৰিলেবোন ক্ৰিকেট ক্লাব (এম চি চি)ৰ। এম চি চিৰ পৰামৰ্শৰ ওপৰত আধাৰিত কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এই (আই চি চি) নিয়মবোৰ বলবৎ কৰে।

এম চি চিয়ে আকৌ এবাৰ নিয়মৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিছে আৰু চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বহুতো নিয়ম সলনি কৰা হ’ব।

২০১৭ চনত কাৰ্যকৰী হোৱা কিছু নিয়মো সালসলনি কৰা বুলি জানিব দিয়ে।

ক্ৰিকেট খেলক যি ধৰণে খেলিব লাগে সেইধৰণে গঢ় দিয়াৰ লক্ষ্যৰে এই পৰিৱৰ্তনবোৰ কৰা হৈছে।

আইন ১ – এই সংশোধন অনুসৰি ৰিপ্লেছমেণ্ট খেলুৱৈৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব লাগিব যেন তেওঁ সেইজনে খেলৱৈ, যিজনক তেওঁ ৰিপ্লেছ কৰিছে (অ’ভাৰ শেষ নোহোৱালৈকে)।

আইন ১৮- সংশোধিত নতুন নিয়ম অনুসৰি যেতিয়া এজন বেটাৰ কেটছ আউট হয় তেতিয়া ক্ৰিজলৈ অহা নতুন বেটছমেনগৰাকীয়ে পৰৱৰ্তী বলৰ সন্মুখীন হ’ব লাগিব।

আইন ২০.৪.২.১২- ডেড বলৰ নিয়মত বহুত সংশোধন অনা হৈছে। খেলপথাৰত কোনো ব্যক্তি, জন্তু অথবা আন বস্তুৰ পৰা কোনো পক্ষৰ ক্ষতি হয় তেন্তে তাক ডেড বল ঘোষণা কৰা হ’ব।

আইন ২১.৪- যদি কোনো বলাৰে ডেলিভাৰী ষ্ট্ৰাইডত প্ৰৱেশ কৰাৰ পূৰ্বেই বেটাৰক ৰান আউট কৰিবলৈ চেষ্টা কৰে তেন্তে তাক ডেড বল ঘোষণা কৰা হ’ব। পূৰ্বে ইয়াক ন’ বল ঘোষণা কৰা হৈছিল।

আইন ২৫.৮- যদি বল পিটচৰ বাহিৰত পৰে তেন্তে নতুন আইন ২৫.৮ অনুসৰি বেটাৰে বল খেলিব পাৰিব। কিন্তু ইয়াৰ বাবে এটা চৰ্ত বান্ধি দিয়া হৈছে আৰু সেইটো হৈছে যে বেট বা বেটাৰজনৰ যিকোনো অংশ পিটচৰ ভিতৰত থাকিব লাগিব। যদি বেটাৰজনে পিটচৰ বাহিৰলৈ গৈ বল প্ৰহাৰ কৰাৰ চেষ্টা কৰে তেন্তে ইয়াক ডেড বল ঘোষণা কৰিব।

আইন ২৭.৪ আৰু ২৮.৬- বল ডেলিভাৰী কৰা সময়ত ফিল্ডিং দলৰ কোনো সদস্যৰ ভুল গতি-বিধিক এতিয়ালৈকে ডেড বল ঘোষণা কৰিছিল। কিন্তু এতিয়া যদি কোনো ফিল্ডাৰে জানি বুজি এই কাম কৰে তেন্তে বেটিং দলটোক ৫ পেনাল্টি ৰানেৰে সন্মানিত কৰিব।

আইন ৩৮.৩- আইন ৪১.১৬ ত উল্লেখ কৰা হৈছে যে নন-ষ্ট্ৰাইকাৰক ৰান আউট কৰাৰ আইন ৪১ ৰ পৰা আইন ৩৮ (ৰান আউট) লৈ স্থানান্তৰ কৰা হৈছে। আৰ অশ্বিনে আই পি এলৰ এখন মেচত নন-ষ্ট্ৰাইক এণ্ডত জছ বাটলাৰক যিদৰে আউট কৰিছিল সেয়া এতিয়া সম্পূৰ্ণৰূপে বৈধ।

অৰ্থাত মানকাড়ক এতিয়াৰ পৰা বৈধ বুলি বিবেচনা কৰা হ’ব।

আইন ৪১.৩- ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ বাবে আই চি চিয়ে ক্ৰিকেট বলত থু লগোৱাত সাময়িকভাৱে নিষিদ্ধ কৰিছিল যদিও এতিয়া ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে। এম চি চিৰ গৱেষণাত এটা কথা পোহৰলৈ আহিছে যে থু বা ঘাম নলগোৱাৰ ফলত চুইঙত কোনো প্ৰভাৱ পৰা নাই।

আৰু পঢ়ক : শাম কাটিছে যুদ্ধ! ‘ইউক্ৰেইন চৰকাৰক উৎখাত কৰা আমাৰ লক্ষ্য নহয়’-ৰাছিয়া