28 C
Guwahati
Sunday, September 19, 2021
More

    সপোন ভংগ মেৰী কমৰ, টকিঅ’ অলিম্পিকৰ পৰা আহিল সবাটোকৈ বেয়া খবৰটো

    ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা ২০১২ লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী এম চি মেৰী কমৰ টকিঅ’ অলিম্পিকৰ যাত্ৰা সামৰণি পৰিল।

    আজি মহিলা ফ্লাইৱেইটৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত মেৰী কমে কলোম্বিয়াৰ ভিক্টৰিয়া ভেলেঞ্চিয়াৰ হাতত পৰাস্ত হোৱাত পদক জয়ৰ আশা নিৰ্বাপিত হয়।

    এই মেচখন ৩-২ ত পৰাস্ত হয় মেৰীকম।

    উল্লেখ্য যে ইয়াৰ পূৰ্বে মেৰীকমে ভেলেঞ্চিয়াক দুবাৰকৈ পৰাস্ত কৰিবলৈ সক্ষম হৈছিল যদিও আজি তেওঁ জয়ৰ ধাৰা অব্যাহত ৰখাত ব্যৰ্থ হয়।

    চলিত অলিম্পিকত মেৰীকমে প্ৰথম মেচখনত প্ৰতিদ্বন্দ্বি মেগুইলেনা হাৰ্নাণ্ডেজক ৪-১ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

    কেৰিয়াৰৰ অন্তিমটো অলিম্পকত পদক জয় কৰি দেশবাসীক পুনৰ এবাৰ গৌৰৱান্বিত কৰিব বুলি আশা কৰিছিল ক্ৰীড়াপ্ৰেমী সকলে।

    আৰু পঢ়ক : আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস; মুখ্যমন্ত্ৰী, বনমন্ত্ৰীৰ টুইট

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং