ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ গুৱাহাটীৰ এটি কণমানিৰ

0
347

গুৱাহাটীৰ এজন কণমানি ছাত্ৰই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত। ৱেষ্টাৰ্ন এছিয়ান য়ুথ এণ্ড জুনিয়ৰ চেছ চেম্পিয়নশ্বিপৰ ক্লাছিকেল ফৰ্মেটত সোণৰ পদক লাভ কৰিছে মায়ংক চক্ৰৱৰ্তী নামৰ এইজন ছাত্ৰই।

গুৱাহাটীৰ লখৰাস্থিত ছাউথ পইণ্ট স্কুলত পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছে ১০ বছৰীয়া মায়ংকে। ৪ ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীত আৰম্ভ হৈছিল ৱেষ্টাৰ্ন এছিয়ান য়ুথ এণ্ড জুনিয়ৰ চেছ চেম্পিয়নশ্বিপ। ১০ অনুৰ্ধ্বৰ এই প্ৰতিযোগিতাখন ১১ ছেপ্টেম্বৰত পৰিব অন্ত।