
দীপাৱলীলৈ মাজত আছে মাথো কেইটামান দিন। সাজু হৈ উঠিছে সকলো, সাজু হৈছে TIME8। এইবাৰ দীপাৱলীত TIME8ৰ উদ্যোগত বিশ্বৰ বৃহত্তম মিঠাতেলৰ চাকিৰ পোহৰে উজলাব দীঘলীপুখুৰীপাৰ। ২৬ অক্টোবৰত প্ৰজ্বলিত হ’ব এই বৃহৎ চাকি।
৮ ফুট ব্যাসৰ আৰু ২ ফুট উচ্চতাৰ মাটি আৰু প্লাষ্টাৰ অৱ পেৰিছেৰে নিৰ্মিত এই চাকিৰ এক বিনম্ৰ প্ৰয়াস প্লাষ্টিক প্ৰদূষণমুক্ত কৰাৰ। চাকিগছিৰ ২০০ লিটাৰতকৈও অধিক তেল ৰখাৰ ক্ষমতা থাকিব। একক ব্যৱহাৰ্য প্লাষ্টিক বৰ্জনৰ আহ্বানত ২৬ অক্টোবৰৰ সন্ধিয়া জ্বলিব এই চাকিগছি। একক ব্যৱহাৰ্য প্লাষ্টিক বন্ধ কৰাৰ শপত ল’ব অনুষ্ঠানত ভাগ লোৱা অংশগ্ৰহণকাৰীয়ে। MAX চিমেণ্টৰ সহযোগত TIME8ৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ। অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগ এই অনুষ্ঠানলৈ।
বহুকেইজন সামাজিক কৰ্মী, আধ্যাত্মিক নেতৃবৃন্দ, চেলিব্ৰেটীৰ লগতে বিশিষ্ট ব্যক্তিৰ উপস্থিতিত জ্বলিব এই চাকি। এই বৃহৎ চাকিগছি Limca Book of World Recordত প্ৰৱেশ কৰাৰ সম্ভৱনা যথেষ্ট। পূৰ্বে গোৰখপুৰত ৩.৫ ফুট ব্যাসৰ আৰু ১.৫ ফুট উচ্চতাৰ এগছি চাকিয়ে ৰেকৰ্ড কৰিছিল বৃহৎ চাকিৰ ৰূপত।