
৭ বছৰীয়া কনমানিক ধৰ্ষণ কৰাৰ অভিযোগত বৃদ্ধ মৌলবীক গ্ৰেপ্তাৰ।
শেহতীয়াকৈ অসমৰ শিলচৰ জিলাত এগৰাকী সাত বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত এজন ইছলামধৰ্মী ধৰ্মগুৰুক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত ধৰ্মগুৰুজনে যোৱা শনিবাৰে ভুক্তভোগী কনমানিক যৌন নিৰ্যাতন চলাইছিল।
ঘটনাটোৰ বিষয়ে গম পোৱাৰ পিছতে কনমানিটিৰ পৰিয়ালে দেওবাৰে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে। পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰে যে ধৰ্মগুৰুজনে কেৱল শিশুটিক যৌন উৎপীড়ন কৰাই নহয়, এই কথা অন্যৰ আগত প্ৰকাশ কৰিলে প্ৰাণে মৰাৰ ভাবুকিও দিছিল।
পৰিয়ালৰ মতে, শিশুটিয়ে ধৰ্মীয় অধ্যয়নৰ বাবে ধৰ্মগুৰুৰ ওচৰলৈ গৈছিল। কিন্তু শনিবাৰে তাই মৌলবীৰ ওচৰৰ পৰা ঘৰলৈ উভতি অহাৰ পিছতে কান্দি কান্দি সমস্ত ঘটনাৰ বিষয়ে বৰ্ণনা কৰিছিল পৰিয়ালৰ আগত।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ইতিমধ্যে ধৰ্মগুৰুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৪৭, ৩৭৬ এবি আৰু ৩৫৪ ধাৰাৰ অধীনত যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ ৬ নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।
পাছে পৰিয়ালৰ দ্বাৰা এজাহাৰ দাখিল কৰাৰ পিছৰে পৰা ধৰ্মগুৰুজন পলাতক হৈ আছিল। কিন্তু বুধবাৰে, আৰক্ষীৰ দলে মৌলবীক শিলচৰৰ কনকপুৰ অঞ্চলৰ পৰা আটক কৰে।
বৰ্তমানে অভিযুক্ত মৌলবীক অধিক তদন্তৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।