
লজ্জাজনক ঘটনা ! ৬ বছৰীয়া শিশুক যৌন উৎপীড়ন মাদ্ৰাছাৰ মৌলানাৰ
মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। এখন মাদ্ৰাছাৰ মৌলানাই এগৰাকী ৬ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে।
আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, মাদ্ৰাছাখন খাণ্ডৱাৰ খানচাহাৱালী অঞ্চলৰ জাকাৰিয়া মছজিদত চলি আছে। ভুক্তভোগীৰ পৰিয়ালে আৰক্ষীক দিয়া তথ্য অনুসৰি বহুতো সৰু ল’ৰা-ছোৱালী মাদ্ৰাত পঢ়িবলৈ যায়।
ভুক্তভোগী ছয় বছৰীয়া কন্যা শিশুটিও সেই মাদ্ৰাছা খনতে সদায় পঢ়িবলৈ যায়।আনদিনাৰ দৰে শুকুৰবাৰেও শিশুটি মাদ্ৰাছালৈ গৈছিল।
কিন্তু আন ল’ৰা-ছোৱালী নথকাৰ সুযোগ লৈ মৌলানা আব্দুল চামাদে শুকুৰবাৰে মাদ্ৰাছাতে শিশুটিত যৌন উৎপীড়ন কৰে।
ঘৰলৈ আহি শিশুটিয়ে যেতিয়াতাইৰ পৰিয়ালক গোটেই ঘটনাটোৰ বিষয়ে কৈছিল তেতিয়া সকলো আচৰিত হৈছিল। লগে লগে শিশুটিৰ পৰিয়ালকে ধৰি স্থানীস লোকসকলে আৰক্ষী চকীত উপস্থিত হৈ মৌলানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।গোচৰটো ৰুজু কৰাৰ পিছত, আৰক্ষীয়ে লগে লগে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।