বিহপুৰীয়াত প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

0
71

বিহপুৰীয়াত প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

বিহপুৰীয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বিহপুৰীয়াৰ ত্ৰিশখন বিচনাযুক্ত সামূহিক চিকিৎসালয়ত এগৰাকী প্ৰসূতিৰ মৃত্যু হয়।

জানিব পৰা মতে নাৰায়ণপুৰ বালিগাঁৱৰ গুণাৰাম দলেৰ পত্নী স্বপ্না দলেক আজি পুৱাই ঘৰৰ মানুহে বিহপুৰীয়া ত্ৰিশখন বিচনাযুক্ত সামূহিক চিকিৎসালয়ত ভৰ্তি কৰিছিল।

হাস্পতালখনৰ চিকিৎসকে প্ৰসূতি গৰাকীক স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে নাৰ্ছৰ ওপৰত সমস্ত দায়িত্ব অৰ্পন কৰাৰ ফলত সন্তান প্ৰসৱ নকৰাকৈয়ে মহিলা গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

তাৰ পিছতে চিকিৎসালয়খনত স্থানীয় ৰাইজ তথা আত্মীয়ই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাক লৈ মিচিং ছাত্ৰ সংগঠন টিএমপিকে য়ে কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তদন্তৰ দাবী জনাইছে ৷

আনহাতে চিকিৎসালয়খনত বিহপুৰীয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

বিনা চিকিৎসাৰ ফলত প্ৰসূতি গৰাকীৰ মৃত্যু হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷