অসমত আজি দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যাই প্ৰায় ৭০০০ ঘৰ স্পৰ্শ কৰাকলৈ তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে জনসাধাৰণৰ মনত।
দেওবাৰৰ তুলনাত সোমবাৰৰ দিনটোত ৰাজ্যত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পোৱাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ ক’ভিড পৰিস্থিতিয়ে।
আজি অসমত মুঠ ৬৯৮২ গৰাকী লোক ক’ভিড প’জিটিভ হয়। ৰাজ্যত আজি সম্পন্ন হোৱা মুঠ ৬৪,৯১৯ টা ক’ভিড পৰীক্ষাৰ ভিতৰত ৬৯৮২ গৰাকী লোক প’জিটিভ হয়।
ৰাজ্যত আজিৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ হ’ল ১০.৭৫ শতাংশ।
কামৰূপ মহানগৰ জিলাতে এদিনত মুঠ ১৪৯১ গৰাকী লোক ক’ভিড প’জিটিভ হৈছে।
ইপিনে, আজি ৰাজ্যত ক’ভিড সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে।
বহুদিনৰ বিৰতিৰ মুৰত ৰাজ্যত দৈনিক ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই দহকৰ ঘৰত প্ৰৱেশ কৰিছে। আজি অসমত ১১ জন লোকৰ ক’ভিড সংক্ৰমণৰ ফলত মৃত্যু হয় যিটো কালিৰ তুলনাত উদ্বেগজনকভাৱে বেছি।
অসম চৰকাৰে ক’ভিড সংক্ৰমণ হ্ৰাস কৰাৰ বাবে নৈশ কাৰ্ফিউ ঘোষণা কৰাৰ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে অন্যান্য কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও ৰাজহুৱা স্থানত এতিয়াও জনসাধাৰণ সজাগ হোৱা পৰিলক্ষিত হোৱা নায়।
এনেদৰে অনাগত দিনত ৰাজ্যত দৈনিক ক’ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাঢ়ি গৈ থাকিলে ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰলৈ প্ৰত্যাহ্বান নামি আহিব পাৰে বুলি ধাৰণা কৰা হৈছে।
আৰু পঢ়ক : খাদ্য দিবলৈ যোৱা Zomato-ত কৰ্মৰত যুৱকক গুলীয়াই হত্যা, তীব্ৰ চাঞ্চল্য