বনভোজ খাবলৈ গৈ বছৰৰ প্ৰথমটো দিনতেই ভয়ংকৰ দুৰ্ঘটনা, ২৫জনীয়া দল দুৰ্ঘটনাত পতিত

0
1661
বনভোজ খাবলৈ গৈ বছৰৰ প্ৰথমটো দিনতেই ভয়ংকৰ দুৰ্ঘটনা, ২৫জনীয়া দল দুৰ্ঘটনাত পতিত

বনভোজ খাবলৈ গৈ বছৰৰ প্ৰথমটো দিনতেই ভয়ংকৰ দুৰ্ঘটনা, ২৫জনীয়া এটা দল দুৰ্ঘটনাত পতিত। জামুগুৰিহাটত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

বনভোজ খাবলৈ যোৱা ২৫জনীয়া এটা দল দুৰ্ঘটনাত পতিত হয়। এখন পিক আপ ভানত গৈছিল ২৫জনীয়া বনভোজৰ দলটো।

কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে কেউজন লোকসহ বাগৰি পৰে পিক আপ ভানখন। যাৰ ফলত ভানখনত থকা সকলো লোকেই আঘাট পায়। কিন্তু ইয়াৰে ভিতৰত ১৭জন লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা অনুসৰি দলটো জামুগুৰিহাটৰ পৰা অসম-অৰুণাচল সীমান্তত বনভোজৰ বাবে গৈছিল। আনহাতে গুৰুতৰভাৱে আহতৰ মাজত মহিলা আৰু বয়োজ্যেষ্ঠ লোক অধিক।

আৰু পঢ়ক : নতুন বছৰত দেশে পালে দেশীয় কৰ’ণা ভেকচিন, কোভিশ্বিল্ড ব্যৱহাৰত অনুমতি