ৰাজ্যৰ জিলা সমূহৰ অভিভাৱক মন্ত্ৰী সকলৰ ব্যাপক ৰদবদল

0
103

ৰাজ্যৰ জিলা সমূহৰ অভিভাৱক মন্ত্ৰী সকলৰ ব্যাপক ৰদবদল


সালসলনি ঘটিল ৰাজ্যৰ জিলা সমূহৰ অভিভাৱক মন্ত্ৰীৰ। অসম চৰকাৰে মন্ত্ৰীসকলৰ ৰদ-বদলৰ এখন তালিকা প্ৰস্তুত কৰিছে।মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩৪ খন জিলাৰ বাবে অভিভাৱক মন্ত্ৰী নিযুক্তি দিছিলে।

সেই অভিভাৱক মন্ত্ৰী সকলৰে আজি সালসলনিৰ কৰা হৈছে। এই তালিকা খনত দেখা পোৱা গৈছে যে কামৰূপ আৰু দৰঙৰ দায়িত্ব চন্দ্ৰ মোহন পাটোৱাৰীক দিয়া হৈছে।

ৰাঞ্জিত কুমাৰ দাসক বঙাইগাঁও,ডিব্ৰুগড় আৰু তিনচুকীয়াৰ দায়িত্ব দিয়া হৈছে। পিযুচ হাজৰিকাক শোণিতপুৰ , বিশ্বনাথ আৰু কাৰিমগঞ্জ, কেশৱ মহন্তক মৰিগাঁও, গোলাঘাট, দক্ষিণ শালমৰা, পৰিমল শোক্লবৈদ্যক নগাওঁ, হোজাই,

অজন্তা নেওগক নলবাৰী আৰু যোৰহাট, ৰনোজ পেগুক শিৱসাগৰ,মাজুলি আৰু বৰপেটা , অশোক সিংঘলক কোকৰাঝাৰ আৰু গোৱালপাৰা ,

জয়ন্ত মল্ল বৰুৱাক কাছাৰ,ধুবুৰী আৰু হাইনাকান্দি, বিমল বৰাক চৰাইদেউ আৰু ওদালগুৰি, নান্দিতা গাৰলোচাক বাক্সা আৰু বজালিৰ দায়িত্ব দিয়া হৈছে।