ভাৰতৰ লগতে চুবুৰীয়া দেশ পাকিস্তানটো বানপানীৰ যথেষ্ট প্ৰভাৱ পৰিছে। জুলাইৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ পাকিস্তানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মুঠ ১৬১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৩৭ গৰাকী লোক আহত হয়।
দেওবাৰে পাকিস্তানৰ দক্ষিণ সিন্ধ প্ৰান্তৰ কৰাচীত বৰষুণৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত প্ৰায় ১১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ১২ গৰাকী লোক।
পাকিস্তানৰ স্থানীয় ছমা টিভি অনুসৰি প্ৰতিঘণ্টাত ১৯২ মিলিমিটাৰ বেগেৰে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত কৰাচীৰ তলৰ ভাগৰ অঞ্চলসমূহ আৰু মুখ্য পথসমূহ পানীৰ তলত ডুব যায়, যাৰ বাবে ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰে লোকসকল। পথ আৰু ৰে’ল ব্যৱস্থাসমূহতো ব্যাঘাত জন্মে। স্থানীয় মিডিয়া অনুসৰি বহুকেইজন লোক ঘৰৰ ভিতৰত চাদ খহি পৰি মৃত্যু হোৱাৰ লগতে বিদ্যুতৰ তাঁৰ লাগিও মৃত্যু হয়।