কেৰালাত ভয়ংকৰ ভূমিস্খলন, ৮০ৰো অধিক লোক মাটিৰ তলত, ৫ জনৰ মৃতদেহ উদ্ধাৰ

0
733

শুকুৰবাৰে কেৰালাত ভয়াবহ ভুমিস্খলন সংঘটিত হয়। ৰাজ্য খনৰ ইড্ডুক্কী জিলাৰ ৰাজমলাত এই অতি ভয়ংকৰ ভুমিস্খলনটো সংঘটিত হয়। চাহ বাগানত কাম কৰি থকা অৱস্থাতে বহু কেইগৰাকী শ্ৰমিক সেই ভুমিস্খলনত মাটিত পোত খাই যায়।

আশংকা কৰা মতে, প্ৰায় ৮০ গৰাকী শ্ৰমিক সেই ভুমিস্খলনত পোত খাই গৈছে। তাৰে ভিতৰত বৰ্তমানে ৫ গৰাকী লোকক মৃত অৱস্থাত আৰু ১০ গৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

ৰাজ্য চৰকাৰে ভাৰতীয় বায়ু সেনা বিভাগক সহায়ৰ বাবে অনুৰোধ জনাইছে। বায়ু সেনা বাহিনীয়েও উদ্ধাৰৰ বাবে হেলিকপ্টাৰ উদ্ধাৰ দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে।

ৰাজ্যখনত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবেই শুকুৰবাৰে এই ভুমিস্খলন সংঘটিত হয়। ঘটনাস্থলীত বহু কেইটা উদ্ধাৰকাৰী দলে অহৰহ উদ্ধাৰ অভিযান চলাই আছে।

জানিব পৰা মতে, খহি অহা মাটি এটা আবাসীক কলনিত পৰে। যাৰ বাবে কলনিত থকা সকলো শ্ৰমিত মাটিকৰ তলত পোত খাই যায়। শ্ৰমিক সকলৰ অধিকাংশ তামিলনাডুৰ। কামৰ সন্ধানত আহি তেনেদৰে কেৰালাত চাহৰ বাগানক কাম কৰি আছিল।

আনহাতে উদ্ধাৰ অভিযানতো বহু সমস্যাই দেখা দিছে। যোৱা কালি সেই অঞ্চলতে এখন দলং পানীত ভাহি যোৱাত বৰ্তমানে সেই ভুমিস্খলন হোৱা ঠাইৰ লগত যাতায়ত ব্যাহত হৈ পৰিছে আৰু উদ্ধাৰ অভিযানত সমস্যা আহি পৰিছে।

Photo Credit: India Tv And ND Tv