শোকাবহ ঘটনা, কাগজ ফেক্টৰীত লগা ভয়ংকৰ অগ্নিকাণ্ডত পিতা-পুত্ৰসহ ৩জন অগ্নিদ্বগ্ধ হৈ মৃত্যু

0
2362

শোকাবহ ঘটনা, কাগজ ফেক্টৰীত লগা ভয়ংকৰ অগ্নিকাণ্ডত পিতা-পুত্ৰসহ ৩জন অগ্নিদ্বগ্ধ হৈ মৃত্যু। এই শোকাবহ ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ চিতুৰ জিলাত।

চিতুৰৰ এটা কাগজৰ প্লেট নিৰ্মাণ কাৰখানাত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যি অগ্নিকাণ্ডৰ ফলত তিনিজন লোক জীৱন্তে অগ্নিদ্বগ্ধ হৈ মৃত্যুমুখত পৰে।

এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। দুৰ্ঘটনাটোত কিছুমান অন্য শ্ৰমিকো আহত হৈছে, তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

পুৱতি নিশা প্ৰায় ২ মান বজাত কাৰখানাটোত জুই লাগিছিল। কেইবাখনো অগ্নিনিৰ্বাপত বাহিনীৰ বাহনে নিৰ্বাপিত কৰিছিল জুই।

আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে পুৱতি নিশা অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ জিলাত সংঘটিত এই অগ্নিকাণ্ডত মৃত্যুমুখত পৰা তিনিলোকৰ দুগৰাকী পিতৃ-পুত্ৰ।

নিহতসকল কাৰখানাৰ মালিক ভাস্কৰ (৬৫), তেওঁৰ পুত্ৰ বাবু (৩৫) আৰু বালাজী (২৫) বুলি চিনাক্ত কৰা হৈছে।