চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, চিকিৎসকসহ পুত্ৰ-কন্যাৰ কৰুণ মৃত্যু

0
63

চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, চিকিৎসকসহ পুত্ৰ-কন্যাৰ কৰুণ মৃত্যু

বুধবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশৰ শ্বাহগঞ্জ জিলাৰ খেৰিয়া ম’ৰৰ আৰ মধুৰাজ চিকিৎসালয়ত এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয়। যাৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগী আৰু কৰ্মচাৰীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল।

তথ্যঅনুসৰি, অগ্নি নিৰ্বাপক বাহিনী আৰু শ্বাহগঞ্জ আৰক্ষী থানা ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে এঘণ্টাৰ পিছত কোনোমতে চাৰিজন লোকক উলিয়াই আনিবলা সক্ষম হয়। কিন্তু চিকিৎসালয়ৰ অপাৰেটৰসকল পৰিয়ালটোকে ধৰি দ্বিতীয় মহলাত আৱদ্ধ হৈ পৰে।

চিকিৎসালয়ৰ অপাৰেটৰ ডাঃ ৰাজন সিং, তেওঁৰ পুত্ৰ ঋষি আৰু কন্যা শলুৰ এই অগ্নিকাণ্ডৰ ফলত মৃত্যু হয়। ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছত আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছিল।

বৰ্তমান, ৰোগীসকলক বাহিৰলৈ লৈ যোৱা হৈছে আৰু আ আৰক্ষী অহাৰ আগতে চিকিৎসালয়ৰ কৰ্মচাৰীসকল অদৃশ্য হৈ গৈছিল। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।