ভয়ংকৰ অগ্নিকাণ্ড, কেইবাটাও বাসগৃহ জুইত ভস্মীভূত

0
62
ভয়ংকৰ অগ্নিকাণ্ড, কেইবাটাও বাসগৃহ জুইত ভস্মীভূত
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি শুকুৰবাৰে দুপৰীয়াৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। গুৱাহাটী মহানগৰীৰৰ মালিগাঁও পাণ্ডু ৰে’ল বজাৰৰ সমীপত এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয়।

এই অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় প্ৰায় ১৫ টা মান ঘৰ। জুইত ভস্মীভূত বহু টকাৰ সা সম্পত্তি ।

জুইত ১টা চিলিণ্ডাৰো বিস্ফোৰণ ঘটে। যাৰ ফলত আৰু অধিক ভয়াবহ হৈ উঠে অগ্নিকাণ্ড।

খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আহি উপস্থিত হয় ২খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। কোনোমতে নিয়ন্ত্ৰণলৈ আহি জুই।

আৰক্ষীয়ো আহি উপস্থিত হয় ঘটনাস্থলীত। এই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ কাৰণ বৰ্তমানৈ জানিব পৰা হোৱা নাই।

আৰু পঢ়ক : বিয়া হোৱা ১ টা বছৰেই সম্পূৰ্ণ হোৱা নাছিল, ৰহস্যজনক মৃত্যু ন-বোৱাৰীৰ