চামগুৰিত বিধ্বংসী জুইত ভস্মীভূত ১০খনকৈ দোকান, চাওক VIDEO

সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ সহযোগত স্থানীয় ৰাইজে অগ্নি নিৰ্বাপন কৰে

0
313

শুকুৰবাৰে নিশা চামগুৰিৰ মোৱামাৰি দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই আগুৰিলে প্ৰায় ১০খনকৈ দোকান ফলত জ্বলি ছাই হৈ যায় আটাইকেইখন দোকান। এখন দোকানৰ পৰা জুইৰ সূত্ৰপাত।

অগ্নিকাণ্ডত জাহ গ’ল ২০ লক্ষাধিক টকাৰ সামগ্ৰী। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ একাংশ প্ৰত্যক্ষদৰ্শীৰ। সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ সহযোগত স্থানীয় ৰাইজে অগ্নি নিৰ্বাপন কৰে। অগ্নিনিৰ্বাপক বাহিনীৰ দল সময়ত উপস্থিত নোহোৱাত ক্ষোভপ্ৰকাশ ৰাইজৰ।