ভয়ংকৰ অগ্নিকাণ্ড : ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল তেলভৰ্তি টেংকাৰ, চালক-হেণ্ডিমেন জীৱন্তে অগ্নিদগ্ধ হোৱাৰ সন্দেহ

0
1960
ভয়ংকৰ অগ্নিকাণ্ড : ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল তেলভৰ্তি টেংকাৰ, চালক-হেণ্ডিমেন জীৱন্তে অগ্নিদগ্ধ হোৱাৰ সন্দেহ

আজি সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত চিচিবৰগাঁও চাৰিআলিত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ডিব্ৰুগড়ৰ দিশৰ পৰা তেল কঢ়িয়াই অনা এখন টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই চিচিবৰগাঁও চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰাত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।

জুই ইমানেই ভয়ানক আছিল যে নিমিষতে বিয়পি গৈ ভস্মীভূত কৰে কুৰিখনতকৈও অধিক দোকান। যাৰ ফলত বন্ধ হৈ পৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো।

অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী আহি জুই নুমুৱাবলৈ চেষ্টা কৰিছে যদিও এঘণ্টাতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই জুই।

অগ্নিকাণ্ডৰ ফলত প্ৰকৃততে কিমান দোকান ভস্মীভূত হৈছে তাৰ সঠিক হিচাপ এতিয়াও জানিব পৰা হোৱা নাই।

আনহাতে টেংকাৰখনৰ চালক আৰু হেণ্ডিমেন দুজন জীৱন্তে অগ্নিদগ্ধ হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

গাড়ীখন বাগৰি পৰাৰ লগে লগে প্ৰচণ্ড জুই নিৰ্গত হোৱাত তেওঁলোকে গাড়ীৰ পৰা বাহিৰ হ’ব নোৱাৰিলে বুলি ৰাইজে সন্দেহ কৰিছে।

আমালৈ অহা বাতৰি পৰলৈকে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰিব পৰা নাই।

ইনপুট : বনমালী মহন্ত

আৰু পঢ়ক : চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; দেৱালীৰ পূৰ্বে এইসকল চিকিৎসকে লাভ কৰিব ১.২১ লাখ টকা