
কামৰূপৰ বংশৰৰ সানপাৰাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। প্ৰথমে ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰা নিৰ্গত হোৱা গেছৰ পৰা জুইৰ সূত্ৰপাত ঘটি ঘৰৰ সকলো মূল্যবান সামগ্ৰী জাহ যায়। ইফালে গৃহস্থই অসাৱধানবশত ইস্ত্ৰিৰ চুইচ অফ নকৰাকৈ ঘৰৰ পৰা ওলাই গৈছিল। ইস্ত্ৰিৰ তাপমান বৃদ্ধি হৈ জ্বলি ছাৰখাৰ হয় সকলো কাপোৰ।

অগ্নিকাণ্ডৰ সময়ত ঘৰত নাছিল কোনো লোক। শুৱালকুছিৰ পৰা ২খন অগ্নিনিৰ্বাপকৰ বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ যদিও জুইৰ লেলিহান শিখাই ইতিমধ্যে ছাৰখাৰ কৰিছিল সকলো। স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ চেষ্টাত জুই নিৰ্বাপন কৰে। মকছেদ আলী নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।