
মহালয়া চলি থকাৰ সময়তে শিলচৰত বিধ্বংসী অগ্নিকাণ্ড। শিলচৰ অম্বিকাপট্টি ষ্টাৰ ইউনিয়ন ডাইচি নামৰ এটা বেচৰকাৰী ইঞ্চুৰেঞ্চ কাৰ্যালয়ত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
শ্বৰ্ট চাৰ্কিটৰ ফলতে কাৰ্যালয়টোত জুই লগাৰ সন্দেহ। অগ্নিকাণ্ডৰ ফলত কাৰ্যালয়টোৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ যোৱাৰ লগতে লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষতিসাধন হয়। ঘটনাস্থলীত ৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
