বিধ্বংসী অগ্নিকাণ্ড, দুটা ৰন্ধন গেছ বিস্ফোৰণ হৈ অধিক ভয়ংকৰ ৰুপ লয় অগ্নিকাণ্ডই

0
46
বিধ্বংসী অগ্নিকাণ্ড, দুটা ৰন্ধন গেছ বিস্ফোৰণ হৈ অধিক ভয়ংকৰ ৰুপ লয় অগ্নিকাণ্ডই

বিধ্বংসী অগ্নিকাণ্ড, দুটা ৰন্ধন গেছ বিস্ফোৰণ হৈ অধিক ভয়ংকৰ ৰুপ লয় অগ্নিকাণ্ডই। এই বিধ্বংসী তেজপুৰৰ কবৰখানাত সংঘটিত হৈছে৷ জুইৰ লেলিহান শিখাই মূহুৰ্ততে আগুৰি ধৰে এক বৃহৎ অঞ্চল।

অগ্নিকাণ্ডটোৰ ফলত জাহ গৈছে তিনিটাকৈ বাসগৃহ৷ স্থানীয় লোকৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহনে নিৰ্বাপিত কৰে জুই৷

নেম আনচাৰী, চবিৰ আনচাৰী আৰু দুলাল আনচাৰীৰ বাসগৃহ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে৷ অগ্নিকাণ্ডটোৰৰ ফলত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়৷ পিছে অদ্যপি অগ্নিকাণ্ডটোৰ সূত্ৰপাতৰ কাৰণ পোহৰলৈ অহা নাই৷

Input- Amal Nath

আৰু পঢ়ক : পশ্চিমবংগত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ, ৪৫ আসনৰ বাবে ভোটগ্ৰহণ আৰম্ভ