19 C
Guwahati
Monday, December 6, 2021
More

    ভয়ংকৰ অগ্নিকাণ্ড, দুখনকৈ দোকান সম্পূৰ্ণ ভস্মীভূত, কেইবালাখ টকাৰ ক্ষতি

    ভয়ংকৰ অগ্নিকাণ্ড, দুখনকৈ দোকান সম্পূৰ্ণ ভস্মীভূত, কেইবালাখ টকাৰ ক্ষতি

    ভয়ংকৰ অগ্নিকাণ্ড, দুখনকৈ দোকান সম্পূৰ্ণ ভস্মীভূত, কেইবালাখ টকাৰ ক্ষতি। কৰিমগঞ্জ জিলাৰ ৰাতাবাড়িৰ নিভিয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ডত দুখন দোকান জ্বলি কেইবা লাখ টকাৰ সম্পত্তি ধ্বংস।

    আজি ২৫ নৱেম্বৰ তাৰিখে পুৱা প্ৰায় ৪ মান বজাত ৰাতাবাড়ি সমষ্টিৰ নিভিয়া বজাৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। যি অগ্নিকাণ্ডত দুখন দোকান সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ যায়।

    নিভিয়া বজাৰৰ চকাই মিঞাৰ হোটেলত জুইৰ সূত্ৰপাত হৈছিল আৰু লগে লগে ওচৰৰ ছাদ্দাম হুছেইনৰ দোকানলৈ জুই বিয়পি পৰি সকলো নিমিষতে চাই হৈ পৰে।

    যি সময়ত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়, সেই সময়ত এলেকাৰ প্ৰায় সকলো মানুহে শুই আছিল। যাৰ বাবে দোকান দুখনৰ কোনো সামগ্ৰীয়েই উদ্ধাৰৰ বাবে কোনো ক্ষণেই লাভ নকৰে।

    জুইৰ লেলিহান শিখাই সকলো দোকান আগুৰি ধৰে। অৱশ্যে খবৰ লাভ কৰা মাত্ৰকে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ বহু প্ৰচেষ্টা কৰি জুই আন দোকানলৈ বিয়পি নাযাবলৈ চেষ্টা কৰে।

    অন্যথা ঘন বসতিপূৰ্ণ নিভিয়া বজাৰখন ব্যাপক লোকচানৰ সন্মুখিন হ’লহেঁতেন।

    Input and Photo- Manoj Mohanty

    আৰু পঢ়ক : মৰিগাঁৱত পৰীক্ষাৰ পূৰ্বেই মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিল পৰীক্ষাৰ প্ৰশ্নকাকত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং