28 C
Guwahati
Saturday, October 1, 2022
More

    পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড, জুইত ছাই হৈ যায় কেইবাখনো দোকান, ৫০ লক্ষাধিক টকাৰ ক্ষতি

    পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড, জুইত ছাই হৈ যায় কেইবাখনো দোকান, ৫০ লক্ষাধিক টকাৰ ক্ষতি। দৰং জিলাৰ দলগাঁৱৰ অন্তৰ্গত বেছিমাৰীত পুৱতি নিশা এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে৷

    এই অগ্নিকাণ্ডৰ ফলত জুইত ছাই হৈ যায় ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ এই ব্য়ৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিৰ ফলত ৫০ লাখৰো অধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত ৷

    আজি ১৯ আগষ্ট তাৰিখে পুৱতি নিশা দলগাঁৱৰ অন্তৰ্গত বেছিমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷

    নিমিষতে জুইয়ে আৱৰি ধৰে ৯ খনকৈ দোকান ৷ মাত্ৰ কিছু সময়ৰ ভিতৰতে অগ্নিকাণ্ডই কাল ৰূপ ধাৰণ কৰে।

    জুইৰ লেলিহান শিখাই গোগ্ৰাসে এফালৰ পৰা আৱৰি ধৰাৰ ফলত দুখনকৈ হোটেল আৰু ৯ খন দোকান সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ৷

    Input And Photo – Riki Das

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং