24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত ৮খন ব্যৱসায়িক প্ৰতিষ্ঠান

    ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত ৮খন ব্যৱসায়িক প্ৰতিষ্ঠান

    ভয়ংকৰ অগ্নিকাণ্ডি নিমিষতে ছাৰখাৰ কৰিলে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। বিলাসীপাৰাৰ বাবুৰহাট বজাৰত নিশা সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

    অগ্নিকাণ্ডৰ ফলত বজাৰ খনৰ প্ৰায় ৮ খন কৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। এই অগ্নিকাণ্ডত প্ৰায় ত্ৰিশ লক্ষাধিক টকা মূল্যৰ বয় বস্তু পুৰি ছাইত পৰিণত হয় বুলি জানিব পৰা গৈছে ।

    পৰৱৰ্তী সময়ত বিলাসীপাৰা অগ্নিনিৰ্বাপন বাহিনীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। পিছে বাতৰি লিখা পৰলৈ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই |

    আৰু পঢ়ক : যি হিন্দুই নিজকে হিন্দু বুলি কব ভয় কৰে সেইবোৰে শৰীৰৰ অংগ কাটি লুঙী টুপী পিন্ধক: সত্যৰঞ্জন বৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং