শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ কেবাখনো ঔষধৰ দোকানত অগ্নিকাণ্ড। জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ মেডিচিন চেণ্টাৰ নামৰ এখন ঔষধৰ দোকানত এই অগ্নিকাণ্ডৰ সূত্ৰপাত।
জুইত দোকান খন সম্পূৰ্ণৰূপে জাহ যায়। অগ্নিকাণ্ডত দৰৱৰ অন্য দুখন দোকানৰো ক্ষতিসাধন। শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় জুই নুমুৱাবলৈ সক্ষম হয়।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।