জলেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত ৩খনকৈ দোকান

অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হয়

0
79

বহু শিথিলতাৰে দেশত আজিৰে পৰা গ্ৰীণ জ’ন সমূহত আৰম্ভ হৈছে তৃতীয়টো লকডাউন। দোকান পোহাৰ খোলাৰ অনুমতি লাভ কৰাৰ পিছতে আজি বিগত এমাহতকৈয়ো অধিক সময়ৰ পিছত খুলিছিল দোকান। পিছে সেই আৰম্ভণি সুখকৰ নহ’ল কেইজমান লোকৰ বাবে।

দোকান খোলাৰ কিছু সময়ৰ পিছতে লকডাউনৰ মাজতেই গোৱালপাৰাৰ জলেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত জুইত জাঁহ যায় তিনিখন কৈ দোকান। চৰ্ট চাৰ্কিটৰ ফলতে এই জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হয়। স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও সময়মতে উপস্থিত নহয় অগ্নিনিৰ্বাপৰ কোনো বাহন। ফলত স্থানীয় ৰাইজৰ লগত মেদৰটাৰী বজাৰৰ লোকে মিলি জুই নিৰোপন কৰে।

Photo Credit: @monzuralom