27 C
Guwahati
Wednesday, May 25, 2022
More

    হঠাৎ মহানগৰীৰ মাজ মজিয়াত বিধ্বংসী অগ্নিকাণ্ড, ১ কোটি ১০ লাখ টকাৰ সামগ্ৰী ভষ্মীভূত

    হঠাৎ মহানগৰীৰ মাজ মজিয়াত বিধ্বংসী অগ্নিকাণ্ড, ১ কোটি ১০ লাখ টকাৰ সামগ্ৰী ভষ্মীভূত

    গুৱাহাটীৰ গীতানগৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এখন ফাৰ্নিচাৰ হাউচত প্ৰথমে জুই লগাত পিছলৈ ফেক্টৰিলৈ জুই বিয়পাত প্ৰায় ১ কোটি ১০ লাখ টকাৰ সামগ্ৰী ভষ্মীভূত হয়।

    গীতানগৰ খেলপথাৰৰ বিপৰীত দিশে থকা উড ৱৰ্কছ নামৰ ফাৰ্নিচাৰখনৰ স্বত্বাধিকাৰী চফিউৰ ৰহমান ঘটনাস্থলত উপস্থিত হৈ ফেক্টৰিটোত ৮০ লাখ টকাৰ আচবাব আৰু ৩০ লাখ টকাৰ যন্ত্ৰপাতি আছিল বুলি প্ৰকাশ কৰিছে।

    এই ফেক্টৰিৰ পৰা বিভিন্ন অভিজাত ফাৰ্নিচাৰৰ দোকানলৈ আচবাব নিৰ্মাণ কৰি প্ৰেৰণ কৰে।

    ৩ কঠা মাটিত থকা ফাৰ্নিচাৰ ফেক্টৰিটোত সংঘটিত হয় অগ্নিকাণ্ড। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্বত্বাধিকাৰী ৰহমানে।

    ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীৰ সহায়ত জুই প্ৰায় নিৰ্বাপিত কৰা হৈছে।

    ঘটনাস্থলত মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিংসহ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

    আৰু পঢ়ক : চিগাৰেট জ্বলাবলৈ গৈ তিনিটা শিশুৱে সাৱটিলে কৰুণ মৃত্যুক   

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং