28 C
Guwahati
Sunday, September 19, 2021
More

    ৮.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল আলাস্কা, চুনামিৰ সতৰ্কতা জাৰি

    ৮.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল আলাস্কা, চুনামিৰ সতৰ্কতা জাৰি

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কান পেনিনছুলা আৰু কানাডাৰ কিছু অংশত কালি নিশা ভয়ংকৰ ভূমিকম্পই জোকাৰি যায়।

    ৰিখটাৰ স্কেলত ৮.২ মাত্ৰাৰ ভূমিকম্পটোৰ ফলত আলাস্কাত বহু ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

    বিভিন্ন ঠাইত ৰাজপথৰ বহু অংশ খহি যোৱাৰো বাতৰি লাভ কৰা হৈছে।

    মাত্ৰ ৯০ মিনিটৰ ভিতৰতে পাঁচটাকৈ ভূমিকম্পই জোকাৰি যোৱাৰ ফলত আলস্কাৰ জনসাধাৰণ আতংকিত হৈ পৰে।

    ইপিনে, আলাস্কাৰ নেশ্যনেল চুনামি ৱাৰ্নিং চেণ্টাৰৰ তৰফৰ পৰা প্ৰবল ভূমিকম্পৰ বাবে হ’ব পৰা চুনামি সম্পৰ্কে সতৰ্কতা জাৰি কৰিছে।

    বিশেষকৈ প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চলৰ জনসাধাৰণক সজাগ আৰু সতৰ্ক হৈ থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

    একেদৰে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু হাৱাই দ্বীপপুঞ্জতো চুনামিৰ আশংকা ব্যক্ত কৰা হৈছে।

    উল্লেখযোগ্য যে, বিগত বৰ্ষতো আলাস্কাক ৭.৫ প্ৰাবল্যৰ এটা প্ৰবল ভূমিকম্পই জোকাৰি গৈছিল।

    উত্তৰ আমেৰিকাৰ আলস্কা ভূমিকম্প প্ৰৱণ অঞ্চলৰ ভিতৰত পৰে।

    ১৯৬৪ চনতো আলস্কাক ৯.২ প্ৰাবল্যৰ এটা বৃহৎ ভূমিকম্পই জোকাৰি গৈছিল। উক্ত ভূমিকম্পৰ পাছত সৃষ্টি হোৱা চুনামিৰ ফলত ২৫০ গৰাকীতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।

    আৰু পঢ়ক : মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা অসম আৰক্ষীৰ তিনিগৰাকী জোৱানৰ পৰিয়াললৈ ৫০ লাখ টকাৰ চেক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং