শনিবাৰে নিশা পানেৰীত সংঘটিত এটা পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক আৰু আন এজন লোক গুৰুতৰভাৱে আহত। আহত লোকজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়।
দুই আদিবাসী ছাত্র নেতা জোৰপুখুৰী আছু কাৰ্যালয়ৰ পৰা ওলাই আহিছিল আৰু সেই মুহূৰ্ততে দ্ৰুতবেগী এল্ট’ বাহনে দুয়োকে মহতিয়াই নিয়ে। দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতে নিহত টিনিছ টপো আৰু গুৰুতৰভাৱে আহত জৰ্গি কিনডো।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত জৰ্গি কিনডো’ক নিশাই চিকিৎসাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। দুঘটনাগ্ৰস্ত বাহনখন ঘটনাস্থলীতে এৰি চালকজন পলায়ন কৰে।