26 C
Guwahati
Saturday, June 12, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    স্বামীৰ পৰী ৰক্ষা পাবলৈ ৫ কন্যাসহ ৰে’লৰ আগত জাপ দিলে পত্নীয়ে, ৫ মিটাৰলৈ ছিটিক পৰিল মৃতদেহৰ টুকুৰা

    স্বামীৰ পৰী ৰক্ষা পাবলৈ ৫ কন্যাসহ ৰে’লৰ আগত জাপ দিলে পত্নীয়ে, ৫ মিটাৰলৈ ছিটিক পৰিল মৃতদেহৰ টুকুৰা

    সংবাদ মাধ্যম তোলপাৰ লগাই যোৱা এক আত্মহত্যাৰ ঘটনা। স্বামীৰ পৰা পৰিত্ৰাণ পাবলৈ ৫ কন্যাসহ পত্নীয়ে ৰে’লৰ সমুখত জাপ দিলে। যাৰ ফলত ৫ মিটাৰ দূৰত্বলৈকে ছিটিকি পৰিল ৬ টাকৈ মৃতদেহৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰ।

    এই নিদাৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছে চত্তীছগড়ৰ মহাসমুন্দত। মদাপী স্বামীৰ পৰা ৰক্ষা পাবৰ বাবেই বুধবাৰে নিশা এই ঘটনা সংঘটিত কৰে পত্নী আৰু কন্যাই।

    কন্যা কেইগৰাকীৰ বয়স ১৮ৰ পৰা ১০ বছৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে ৰেলৱে ট্ৰেকত৫ মিটাৰ দূৰত্বলৈকে সিচৰিত হৈ পৰি থকা প্ৰত্যক্ষ কৰে ৬ টা কৈ মৃতদেহ।

    মৃত পত্নীৰ বয়স আনুমানিক ৪৫ বছৰ। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বুধবাৰৰ নিশা স্বামীয়ে সুৰা পান কৰি আহি ঘৰত অশান্তিৰ সৃষ্টি কৰিছিল। পিছলৈ ইমানেই বৃদ্ধি পাই যে, নিশাই কেউগৰাকী কন্যাসহ ঘৰ ত্যাগ কৰে পত্নীয়ে।

    বৃহস্পতিবাৰে পুৱা ৯.৩০ মান বজাত ৰেল লাইনেৰে পাৰ হোৱা লিংক এক্সপ্ৰেছৰ সমুখত জপিয়াই আত্মহত্যা কৰে।

    আৰু পঢ়ক : বৈদ্যুতিক তাঁৰত লাগি ধৰা পাৰ চৰাইক উদ্ধাৰৰ চেষ্টা কৰোঁতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং