
বিগত এটা সপ্তাহৰ পৰা বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ কাছাৰ জিলাৰ প্ৰশাসনে জিলাখনৰ জনসাধাৰণৰ বাবে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশা।
চৰকাৰী বিষয়া, চিকিৎসক, পেৰামেডিকেল কৰ্মচাৰীকে ধৰি সকলো লোকৰ বাবে মাস্ক পৰিধান আৰু ক’ভিড নীতি-নিয়ম মানি চলাটো বাধ্যতামূলক কৰা হৈছে।
কাছাৰ নেশ্যনেল হেল্থ মিশ্যনে জাৰি কৰা এক নিৰ্দেশনাত এই কথা অৱগত কৰা হৈছে।
ইফালে যিকোনো ধৰণৰ সমাৱেশত অংশগ্ৰহণ কৰাৰ সময়ত সকলো লোকে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰাটো প্ৰয়োজন।
আনহাতে সকলো দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানে হেণ্ড চেনিটাইজাৰ, সামাজিক দূৰত্বকে ধৰি ক’ভিড আচৰণ সুনিশ্চিত কৰিব লাগিব বুলিও নিৰ্দেশনাত উল্লেখ আছে।
দোকান, পেট্ৰ’ল পাম্প, বেংক, মল আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত বাধ্যতামূলকভাৱে “নো মাস্ক, ন’ এণ্ট্ৰি” ফলক আঁৰি থব লাগিব।