29 C
Guwahati
Thursday, October 21, 2021
More

    অৱশেষত স্বস্তিৰ নিশ্বাস! চৰকাৰে কৰিলে ঘোষণা, মাস্ক নিপিন্ধিলেও দিব নালাগে জৰিমণা…

    এতিয়াৰে পৰা বাহনত অকলে যাত্ৰা কৰিলে কোনো লোকে পৰিধান কৰিব নালাগে মাস্ক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা জনাইছে দিল্লী উচ্চ ন্যায়ালয়ক। চৰকাৰে আদালতক জানিবলৈ দিছে যে, এতিয়ালৈকে কেন্দ্ৰই কোনো বাহনত অকলশৰীয়াকৈ যাত্ৰা কৰা লোকে মাস্ক পৰিধান কৰিব লাগিব বুলি নীতি নিৰ্দেশনা জাৰি কৰা নাই।

    উল্লেখ্য যে, অধিবক্তা সৌৰভ শৰ্মাই তেওঁৰ পৰা মাস্ক পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে ৫০০ টকা জৰিমণা লোৱাৰ প্ৰসংগত আদালতত এখন আবেদন দাখিল কৰিছিল। সেই আবেদনৰ শুনানি গ্ৰহণ কৰা হয় শনিবাৰে। সেই সময়তে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আদালতক এনে কোনো জৰিমণা লোৱা নিয়ম নাই বুলি সদৰি কৰে।

    ইয়াৰ পূৰ্বে দিল্লী চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ক সদৰি কৰিছিল যে, সেয়া চৰকাৰী বাহনে হওঁক বা ব্যক্তিগত বাহনে হওঁক কোনো লোকে যাত্ৰা কৰিলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

    আৰু পঢ়ক : পোহৰলৈ আহিলে প্ৰকৃত ৰহস্য! ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ শিৱিৰত সোমাই প্ৰাণ কাঢ়িছিল ৩০০ জনৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং