25 C
Guwahati
Wednesday, October 20, 2021
More

    মাস্ক নিপিন্ধিলে ১০০০ টকা জৰিমনা-কোকৰাঝাৰত এদিনতে ২৪ হাজাৰ টকা সংগ্ৰহ

    মাস্ক নিপিন্ধিলে ১০০০ টকা জৰিমনা-কোকৰাঝাৰত এদিনতে ২৪ হাজাৰ টকা সংগ্ৰহ

    মাস্ক নিপিন্ধিলে ১০০০ টকা জৰিমনা-কোকৰাঝাৰত এদিনতে ২৪ হাজাৰ টকা সংগ্ৰহ। দিনে দিনে কৰণাৰ সংক্ৰমণ বৃদ্ধি পাই গৈ থকাত এতিয়া বহু ঠাইত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰি দিয়া হৈছে।

    তাৰেই পৰিপ্ৰেক্ষিতত আজি কোকৰাঝাৰ জিলাত কেৱল এটা দিনতে দিনৰ ভাগতে ২৪ হাজাৰ টকা সংগ্ৰেহ কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ জিলা প্ৰশাসন।

    জিলাখনত ১১ দিনত ৬৯ গৰাকী লোক কৰণাত আক্ৰান্ত হৈছে। দ্ৰুতগতিত কৰমা সংক্ৰমনৰ হাৰ বৃদ্ধি পোৱাত জিলা প্ৰশাসন কঠোৰ হৈ পৰিছে ।

    শনিবাৰে জিলা প্ৰশাসনে মাইকযোগে মাস্ক পৰিধান নকৰিলে জৰিমণাৰ সন্মুখীন হব লাগিব বুলি ঘোষণা কৰাৰ পিছতে আজি যান বাহন শাখাৰ আৰক্ষীয়ে মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে অভিযান চলায় ।

    কোকৰাঝাৰ যান বাহন শাখাৰ উপ-পৰিদৰ্শক গিয়াচুদ্দিন আহমেদৰ নেৰ্তৃত্বত চলোৱা অভিযানত মাস্ক পৰিধান নকৰা লোকৰ পৰা সৰ্বমুঠ ২৪ হাজাৰ টকা জৰিমনা হিচাপে সংগ্ৰহিত হয় ।

    কোকৰাঝাৰ যান-বাহন শাখাৰ উপ-পৰিদৰ্শক গিয়াচুদ্দিন আহমেদে সকলোকে মাস্ক পৰিধানৰ আহ্বান জনাই মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি সদৰি কৰিছে ।

    ইপিনে বিগত দহদিনত ৬০ গৰাকী লোক কৰণাত আক্ৰান্ত হোৱাৰ পিছত আজি পুণৰাই নতুনকৈ ৯ গৰাকী লোক কৰণাত আক্ৰান্ত হৈছে । এঘাৰদিনত ৬৯ গৰাকী লোক কৰণাত আক্ৰান্ত হোৱাত স্বাভাৱিকতে কোকৰাঝাৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

    Input – Dhnanjay Nath

    আৰু পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন আৰু নাই! ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং