33 C
Guwahati
Thursday, September 29, 2022
More

    বিবাহিত মহিলাক ৪ কিশোৰে দলবদ্ধ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ, ১জনক গ্ৰেপ্তাৰ

    বিবাহিত মহিলাক ৪ কিশোৰে দলবদ্ধ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ, ১জনক গ্ৰেপ্তাৰ। মৰিগাঁও জিলাত সংঘটিত হৈছে এই ধৰ্ষণৰ ঘটনা ।

    তিনি কিশোৰৰ সৈতে অন্য এজনে মিলি ধৰ্ষণ কৰিলে এগৰাকী ২০ বছৰীয়া বিবাহিতা মহিলাক। ১০ দিন পূৰ্বেই সংঘটিত হৈছিল এই ঘটনা।

    মৰিগাঁৱৰ এখন শ্মশানলৈ নি ১০ দিন পূৰ্বে নিশা চাৰিজনে মিলি ধৰ্ষণ কৰিছিল এগৰাকী ২০ বছৰীয়া বিবাহিতা মহিলাক।

    প্ৰথম অৱস্থাত ভুক্তভোগী মহিলা গৰাকীয়ে গোচৰ ৰুজু কৰা নাছিল যদিও পাছত যেতিয়া স্বামীয়ে পত্নীক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে তেতিয়া মৰিগাঁও সদৰ থানাত গোচৰ ৰুজু কৰে মহিলা গৰাকীয়ে।

    আৰক্ষীয়ে ইতিমধ্যে Morigaon PS 270/22 নম্বৰত এটা গোচৰ ৰুজু কৰি 365 আৰু 376D ধাৰাৰ অধীনত অভিযুক্ত এজন ১৬ বছৰীয়া কিশোৰক গ্ৰেপ্তাৰ কৰি নিৰীক্ষণৰ বাবে যোৰহাটৰ জুবিনেল জেললৈ প্ৰেৰণ কৰিছে।

    আনহাতে অন্য তিনিজন বৰ্তমানেও পলাতক অৱস্থাত বুলি জানিবলৈ দিছে আৰক্ষীয়ে। সেই সন্ধানহীন তিনি যুৱকৰ সন্ধান অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    প্ৰকৃততে এয়া ধর্ষণ হয় নে নহয় সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য উদ্ঘাটন হব।
    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

    Input – Kishore Dekaraja

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং